উত্তৰ- ১- আয়াতুল কুৰছী পাঠ কৰা। আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্বাৰাহঃ ২৫৫) ২- তাৰ পিছত পঢ়িব লাগে। বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। ক্বুল হুৱাল্লা-হু আহাদ। (১) {কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,} আল্লা-হুচ চামাদ। (২) {আল্লাহ অমুখাপেক্ষী।} লাম য়ালিদ অলাম ইউলাদ। (৩) {তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,} অলাম য়াকুল্লাহু কুফুআন আহাদ। (৪) {আৰু তেওঁৰ সমতুল্য কোনো নাই’।} তিনিবাৰ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ক্বুল আউজু বিৰাব্বিল ফালাক্ব। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।} মিং শ্বাৰ্ৰি মা খালাক্ব। (২) {তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,} অমিং শ্বাৰ্ৰি গা-ছিক্বিন ইযা অক্বাব। (৩) {আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,} অমিং শ্বাৰ্ৰিন নাফফা-ছা-তি ফিল উক্বাদ। (৪) {আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,} অমিং শ্বাৰ্ৰি হা-ছিদিন ইযা হাছাদ। (৫) {আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।} তিনিবাৰ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ক্বুল আউজু বিৰাব্বিন না-ছ। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ মানুহৰ প্ৰতিপালকৰ।} মালিকিন না-ছ। (২) {মানুহৰ অধিপতিৰ,} ইলাহিন না-ছ। (৩) {মানুহৰ ইলাহৰ ওচৰত,} মিং শ্বাৰ্ৰিল অছৱা-ছিল খান্না-ছ। (৪) {আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,} আল্লাজী য়ুৱাছৱিছু ফি চুদূৰিন না-ছ। (৫) {যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,} মিনাল জিন্নাতি অন্না-ছ। (৬) {জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।} তিনিবাৰ ৩- আল্লা-হুম্মা আনতা ৰাব্বী, লা ইলা-হা ইল্লা আনতা, খালাকতানী ৱা আনা আব্দুকা, ৱা আনা আলা আহদিকা, ৱা ৱা'দিকা মাচ-তাত্বা'তু। আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু। আবুওলাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুও বিজান্বী, ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আনতা। (হে আল্লাহ! তুমিয়েই মোৰ ৰব্ব। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়েই মোক সৃষ্টি কৰিছা, মই তোমাৰ বান্দা। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ। তুমি মোক যি নিয়ামত প্ৰদান কৰিছা তাৰ বাবে মই তোমাৰ কৃতজ্ঞ। মই মোৰ গুনাহ কবুল কৰিছোঁ। গতিকে তুমি মোক ক্ষমা কৰি দিয়া, কাৰণ নিশ্চিতভাৱে তোমাৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে।) বুখাৰীয়ে বৰ্ণনা কৰিছে।