উত্তৰ- চালাতৰ ১১ টা ছুন্নত আছে। যেনে-
১- তাকবীৰে তাহৰীমাৰ পিছতঃ "ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, অতাবাৰাকাছমুকা, অতাআলা জাদ্দুকা, অলা-ইলাহা গাইৰুকা," পাঠ কৰা। ইয়াক দুআ উল ইস্তিফতাহ বুলি কোৱা হয়।
২- আউজুবিল্লাহ পাঠ কৰা।
৩- বিছমিল্লাহ পাঠ কৰা।
৪- আমীন কোৱা।
৫- ছুৰা ফাতিহাৰ পিছত যিকোনো ছুৰা পাঠ কৰা।
৬- ইমামে উচ্চস্বৰে কিৰাআত কৰা।
৭- তাহমীদ (ৰাব্বানা অলাকাল হাম্দ) পাঠ কৰাৰ পিছত এই দুআ কোৱাঃ "মিলআচ ছামাৱাতি, অমিলআল আৰজ, অমিলআ মা শ্বি'তা মিন শ্বাইয়িম বাদ"।
৮- ৰুকত একাধিকবাৰ তাছবীহ পাঠ কৰা, অৰ্থাৎ দ্বিতীয় আৰু তৃতীয়বাৰ বা তাতকৈও অধিকবাৰ পাঠ কৰা।
৯- ছাজদাত একাধিকবাৰ তাছবীহ পাঠ কৰা।
১০- দুই ছাজদাৰ মাজত একাধিকবাৰ "ৰাব্বিগ ফিৰলী" পাঠ কৰা।
১১- শেষ বৈঠকত দৰূদে ইব্ৰাহীম পাঠ কৰা, আৰু তাৰ পিছত অন্যান্য়া দুআ পাঠ কৰা।
কৰ্মগত ছুন্নতসমূহ। ইয়াক আৰবীত হাইআত বোলে।
১- তাকবাৰে তাহৰীমাৰ সৈতে দুয়ো হাত উত্তোলন কৰা বা ৰাফউল য়াদাইন কৰা।
২- ৰূকু কৰাৰ সময়ত ৰাফউল য়াদাইন কৰা।
৩- ৰূকুৰ পৰা উঠি ৰাফউল য়াদাইন কৰা।
৪- ইয়াৰ পিছত দুয়ো হাত এৰি দিয়া।
৫- সোঁ হাত বাওঁ হাতৰ ওপৰত ৰখা।
৬- ছাজদাৰ ঠাইত দৃষ্টি ৰখা।
৭- থিয় হৈ থকা অৱস্থাত দুয়ো ভৰিৰ মাজত ব্যৱধান ৰখা।
৮- ৰূকু কৰাৰ সময়ত হাতৰ আঙুলিবোৰৰ মাজত ফাক ৰাখি মজবুতভাৱে আঠু ধাৰণ কৰা। লগতে পিঠি আৰু মূৰ সমতল কৰি ৰখা।
৯- ছাজদাৰ অংগবোৰ মাটিত পৰিপূৰ্ণৰূপে স্পৰ্শ কৰা, এটাও যাতে মাটিত স্পৰ্শ নোহোৱাকৈ নাথাকে।
১০- লক্ষ্য ৰাখিব লাগিব যে, কাষৰ সৈতে যাতে বাহু লাগি নাথাকে, উৰুৰ সৈতে যাতে পেট লাগি নাথাকে আৰু উৰু যাতে কলাফুলৰ সৈতে লাগি নাথাকে। দুয়ো আঠুৰ মাজত ব্যৱধান ৰাখিব লাগিব। ভৰি দুখন থিয় হৈ থাকিব লাগিব। দুয়ো ভৰিৰ আঙুলিবোৰৰ নিম্নাংশ মাটিত ৰাখিব লাগিব। দুয়ো হাত দুয়ো কান্ধ বৰাবৰ ৰাখিব লাগিব, হাতৰ আঙুলিবোৰ মিলাই ৰাখিব লাগিব।
১১- দুই ছাজদাৰ মাজৰ বৈঠকত আৰু প্ৰথম তাশ্বাহহুদত বাওঁ ভৰি পাৰি বহিব লাগে, আনহাতে দ্বিতীয় তাশ্বাহহুদত তাৱাৰ্ৰুক কৰিব লাগে।
১২- তাশ্বাহহুদ আৰু দুই ছাজদাৰ মাজত দুয়ো হাত প্ৰসাৰিত কৰি উৰুৰ ওপৰত ৰাখিব লাগে, লগতে আঙুলিবোৰ সংযুক্ত ৰাখিব লাগে, কিন্তু তাশ্বাহহুদৰ সময়ত সোঁ হাতৰ কনিষ্ঠা আৰু অনামিকা আঙুলিৰে মুঠি বান্ধি, মধ্যমা আৰু বৃদ্ধাঙ্গুলিৰে গোলাকাৰ বনাই তৰ্জনী আঙুলিৰে দুআ কৰাৰ সময়ত ইংগিত কৰিব লাগে।
১৩- ছালাম ফিৰোৱাৰ সময়ত সোঁফালে আৰু বাওঁফালে মুখ কৰা।