উত্তৰ- আল্লাহৰ অৰ্থ হৈছে প্ৰকৃত সত্য উপাস্য। তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই।
আৰ-ৰাব্বঃ ইয়াৰ অৰ্থ হৈছে প্ৰতিপালক, একক সৃষ্টিকৰ্তা তথা মালিক, জীৱিকাদাতা আৰু নিয়ন্ত্ৰণকাৰী।
আচ-ছামীঃ ইয়াৰ অৰ্থ হৈছে যাৰ শ্ৰৱণশক্তিয়ে সকলোকে আগুৰি আছে, ভিন ভিন তথা বিভিন্ন প্ৰকাৰৰ শব্দ হোৱা সত্তেও তেওঁ সকলো শব্দকে শুনা পায়।
আল-বাচীৰঃ ইয়াৰ অৰ্থ হৈছে যিয়ে সকলো দেখা পায়। সৰু হওক বা ডাঙৰ প্ৰতিটো বস্তু তেওঁ দেখা পায়।
আল-আলীমঃ ইয়াৰ অৰ্থ হৈছে, যাৰ জ্ঞানে অতীত, বৰ্তমান আৰু ভৱিষ্য়তৰ সকলো বস্তুকে নিজৰ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে।
আৰ-ৰহমানঃ ইয়াৰ অৰ্থ হৈছে, যাৰ ৰহমতে সকলো সৃষ্টি জীৱকে সামৰি লৈছে, এতেকে প্ৰতিজন বান্দা আৰু প্ৰতিটো সৃষ্টি তেওঁৰ ৰহমতৰ অধীনস্থ।
আৰ-ৰাজ্জাক্বঃ ইয়াৰ অৰ্থ হৈছে, যাৰ হাতত আছে মানৱ, জীন আৰু সকলো পশু-পক্ষীকে আদি কৰি গোটেই সৃষ্টিজগতৰ জীৱিকা।
আল-হাইঃ অমৰ সত্ত্বা, যিয়ে কেতিয়াও মৃত্যুবৰণ নকৰিব। কিন্তু ইয়াৰ বিপৰীতে প্ৰতিটো সৃষ্টিয়েই মৃত্যুবৰণ কৰিব।
আল-আজীমঃ ইয়াৰ অৰ্থ হৈছে, যাৰ নাম, গুণাৱলী আৰু কৰ্মত আছে পূৰ্ণাংগতা তথা পৰিপূৰ্ণতা আৰু মহানতা।